An appeal to all the Learners of the Krishna Kanta Handiqui State Open University.

  • Home
  • An appeal to the Learners of the KKHSOU


কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষাৰ্থীলৈ এক গোহাৰি

প্ৰিয় শিক্ষাৰ্থী,


আপোনালোক সকলো নিশ্চয় অৱগত যে সাম্প্ৰতিক সময়ত দেশে মাৰাত্মক ক’ভিড-১৯ দুৰ্যোগৰ সম্মুখীন হৈছে৷ এনে এক জটিল সন্ধিক্ষণত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসহ সকলো সহযোগীৰ সৈতে ৰাইজৰ কাষত থিয় দিছে৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি এই লক ডাউনৰ সময়ছোৱাত পৰৱৰ্তী দিশ-নিৰ্দেশনা নহালৈকে আমাৰ বিশ্ববিদ্যালয় বন্ধ থাকিব৷ এই সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা শিক্ষাৰ্থীসকলে প্ৰয়োজনসাপেক্ষে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা বিষয়াবৰ্গৰ সৈতে ই-মেইল, ৱাটচ্ এপ আৰু ফেচবুক যোগে যোগাযোগ কৰিব পাৰিব৷ এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াবলৈ অংগীকাৰবদ্ধ৷


বিশ্ববিদ্যালয় পৰিয়ালৰ মূৰব্বী হিচাপে এই জটিল সন্ধিক্ষণত আপোনালোক সকলোকে অধিক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে ৰাজ্য প্ৰশাসনক এই ভয়ংকৰ ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়-সহয়োগ আগবঢ়াবলৈ আহ্বান জনালোঁ৷ এই সম্পৰ্কে কিছু কৰণীয় নীতি তলত উল্লেখ কৰা হ’ল -


  • • প্ৰশাসনৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলক আৰু অত্যন্ত প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰলৈ নোলাব৷
  • • জন সমাগম থাকিব পৰা সকলোধৰণৰ অঞ্চলৰ পৰা আঁতৰত থাকক৷
  • • নিয়মিতভাৱে চাবোনেৰে হাত ধোৱক আৰু অপৰিষ্কাৰ হাতেৰে মুখ, নাক আৰু চকু স্পৰ্শ নকৰিব৷
  • • আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ লগতে শিশুসকলৰো বিশেষভাৱে যত্ন লওক৷
  • • দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান অনুসৰি ‘‘সামাজিক দূৰত্ব’’ সকলোতে বৰ্তাই ৰাখক৷

  • আমি অৱগত যে এই সকলোবোৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ হ’লে আমাৰ কিছু শৃংখলাবদ্ধ আচৰণৰ প্ৰয়োজনীয়তা আছে৷ হয়তু এইবোৰৰ বাবে আমাৰ ব্যক্তিগত স্বাধীনতাৰ ক্ষেত্ৰতো কিছু বাধা-নিষেধ আহিব৷ কিন্তু এয়া আমাৰ নিজৰ আৰু আপোনজনৰ নিৰাপত্তাৰ বাবে অত্যাৱশ্যকীয়৷ এই ভয়ংকৰ ভাইৰাছে সকলোকে আক্ৰান্ত কৰাৰ সম্ভাৱনা আছে আৰু সেই বাবেই চৰকাৰে নীতি-নিৰ্দেশনাসমূহ প্ৰস্তুত কৰিছে৷ এই সংকটৰ মূহুৰ্তত আমি সকলোৱে সেয়া মানি চলা উচিত বুলি বিবেচনা কৰোঁ৷


    আমি নিশ্চিত যে সকলোৰে সক্ৰিয় সহযোগতহে আমি এই দুৰ্যোগ অতিক্ৰম কৰিবলৈ সক্ষম হ’ম৷


    আপোনালোকৰ সহায় সহযোগিতাৰ আশাৰে,


    শুভেচ্ছাসহ-
    কন্দৰ্প দাস
    উপাচাৰ্য,
    কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

    An appeal to all the Learners of The KKH State Open University.

    Dear Learners,


    As you know, our country is going through the crisis of the deadly COVID 19 virus. In such difficult times, the University expresses its solidarity with all its stakeholders including the learners. As per the government directives, during the lock down period, the University will remain closed until further notification. As part of the university’s commitment to its learners spread across the state, they can keep in touch with the faculty members as well as the officers through E-mails, Whatsapp and Facebook.


    At this difficult moment of our life, as the head of the KKHSOU family, I would like to humbly request you all to be extra careful and cooperate with the administration in the fight against the deadly virus.


  • -Strictly follow the orders of the Administration for the lock down and do not venture out of your house unless and until it is extremely necessary.
  • -Avoid all kinds of crowded places.
  • -Please take care of the elders and the young children in your family.
  • -Above all, maintain Social Distancing as called by the honourable Prime Minister of India.

  • I understand, all these require some disciplined behaviour on our part and little sacrifice of our personal freedom. But this is necessary for our own safety and that of our dear ones. It has effected us all and we must all help the Government at this critical juncture by adhearing to the dictated norms.


    I am sure with active cooperation of us all, we shall be ble to overcome this crisis soon.


    Anticipating your kind cooperation and support.


    With warm regards,
    Kandarpa Das
    Vice Chancellor, KKHSOU